কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰ্যটন নিগমৰ যুটীয়া প্ৰচেষ্টাত ২০১০ বৰ্ষত নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত ৰঙাগড়াত প্ৰতিষ্ঠা লাভ কৰা অসমৰ বৃত্তিমুখী প্ৰতিষ্ঠান “ফুড ক্ৰাফ্ ট ইনষ্টিটিউট”টি আজি ইং ১৬ মে ২০২৪ তাৰিখে জিলা আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ ভাঃপ্ৰঃসেঃ মহোদয়ে পৰিদৰ্শন কৰে।
আয়ুক্ত গৰাকীয়ে প্ৰতিষ্ঠানখনৰ – পুষ্টিকৰ ব্যঞ্জন প্ৰস্তুত, বেকাৰী আৰু মিঠাই, ফ্ৰন্ট অফিচ, গৃহ পৰিচালনা, খাদ্য আৰু পনীয় সেৱা প্ৰদান আদি বিভাগসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিক্ষাগ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে।
উল্লেখযোগ্য যে আয়ুক্ত গৰাকীয়ে প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰস্তত কৰা বিভিন্ন ব্যঞ্জনৰো সোৱাদ লয়।