উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত পুৱা ১০ বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ উপস্থিতিত ফজলুল হক মৰল চাহাবৰ সভাপতিত্বত চুৰি, ড্ৰাগছ আদিৰ দৰে অ-সামাজিক কামকাজ বন্ধ কৰাৰ প্ৰতিবাদত এখনি সজাগতা সভা অনুষ্ঠিত হয় । মধ্য উদমাৰিৰ অপঞ্জীকৃত গাওঁৰক্ষী বাহিনী আৰু ওচৰ-চুবুৰীয়া গাৱৰ গাওঁৰক্ষী বাহিনী, বিদ্যালয় কৰ্তৃপক্ষ, বে-চৰকাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাত প্ৰায় ২ শতাধিক সমাজ সচেতন ৰাইজ উপস্থিত থাকে । স্থানীয় যুৱক তৈয়বুৰ ৰহমানে আগধৰা সভাৰ আৰম্ভণিতে আৰক্ষী অধীক্ষক, বিদ্যালয়ৰ অধ্যক্ষ, জুৰীয়া থানা কমিটিৰ সভাপতি, ৰুপহী ৰাজহ চক্ৰ সহায়ক স্থানীয় বিশিষ্ট ব্যক্তিসকলক উদ্যোক্তা সকলৰ ফালৰ পৰা ফুলাম গামোছাৰে আদৰণি জনোৱা হয় ।
আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, এটা অঞ্চলত চুৰি কাৰ্য্য বৃদ্ধি হোৱাৰ মূলতে হল – ড্ৰাগছ সেৱনকাৰী বৃদ্ধি । এনে কামত প্ৰতিৰোধ কৰিবলৈ যুৱক সকল স্বতঃস্ফুৰ্ত ভাৱে ওলাই আহিব লাগিব । ৰাতি ৰাতি গাওঁৰক্ষী বাহিনী সদস্যসকলৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰিব লাগিব । গাওঁৰক্ষী বাহিনী সদস্যসকলৰ লগত স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াব লাগিব । এনেধৰণৰ অ-সামাজিক কাম কৰা ব্যক্তিসকল যাতে পলাই যাব নোৱাৰে তাৰবাবে জুন মাহৰ পৰা নতুন আইন প্ৰৱৰ্তন হব বুলি জানিবলৈ দিয়ে । লৰা-ছোৱালীয়ে মোবাইল ব্যৱহাৰত অভিভাৱক সচেতন হব লাগিব । মটৰ পৰিবহণ আইন আমি সকলোৱে মানি চলিব লাগিব বুলিও অধীক্ষক গৰাকীয়ে দোহাৰে । অৱশ্যে বহুত ব্যস্ততাৰ মাজতো উপস্থিত মহিলাসকলক মাতৃ দিৱসৰ শুভেচ্ছা দিবলৈ পাহৰি যোৱা নাই । উদমাৰি তথা ইয়াৰ ওচৰ-চুবুৰীয়া গাৱত জুৰীয়া থানাৰ লগত আলোচনা কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আৰক্ষী অধীক্ষকে আশ্বাস দিয়ে ।
জুৰীয়া থানা কমিটিৰ সভাপতি, ৰুপহী ৰাজহ চক্ৰ সহায়ক তথা স্থানীয় বিশিষ্ট ব্যক্তিসকলেও উদ্যোক্তা সকলক এনে কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ বাবে ধন্যবাদ জনাই ভাষণ প্ৰদান কৰে ।