উল্লেখ্য যে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ব্যৱস্থাপনাতআজিআয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয়, দুৰ্ঘটনা, চেক বাউঞ্চৰ আদিৰ বিভিন্ন বিষয়ত ৮৫৭৪ টা গোচৰৰ ভিতৰত ৭২৯ টা গোচৰ নিষ্পত্তি হয়।তাৰে বেংক বিদ্যুৎ বিল, বি এছ এন এলৰ সৰ্বমুঠ ৭৫৪৮ টা গোচৰৰ ভিতৰত ৬১৪ টা গোচৰৰ নিষ্পত্তি হয়। এই বিষয় সমুহত আজি সৰ্বমুঠ ৯৩৪৭১৩৮ টকাৰ গোচৰ মিমাংসা হৈছে।
আনহাতে মটৰ দুৰ্ঘটনা সংক্ৰান্তীয় মুঠ ১৭৫ টা গোচৰৰ ভিতৰত ১০ টা গোচৰৰ নিষ্পত্তি হয় আৰু এই বিষয়ত নিষ্পত্তি হোৱা ধনৰ পৰিমাণ হৈছে ৫৫৯৬০০০ টকা। মটৰ পৰিবহন আইনৰ ২৬৫ টা গোচৰৰ ভিতৰত ২৯ টা গোচৰৰ নিষ্পত্তি হয়। লগতে অন্যান্য ৭৬ টা গোচৰৰ নিষ্পত্তি হয় বুলি লোক আদালতৰ উদ্যোক্তাসকলে জনাইছে।