Friday, November 22, 2024

ৰূপহীহাটৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত বিধায়ক নুৰুল হুদাৰ ব্যৱস্থাপনাত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন ।

Share

নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৬ গৰাকী শিক্ষাৰ্থীৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাত উত্ফুল্লিত হৈ ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ ব্যৱস্থাপনাত বিদ্যালয়ৰ প্ৰাঙ্গনত সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাক একো একোটা ফুলাম গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা দেখা যায় । আজিৰ এই সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰী মিন্টু বৰদলৈয়ে ।


অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়ৰ মূখ্য উপদেষ্টা তথা উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফজলুল হক মৰলে কয় যে, নিজৰ দেশৰ লগতে জাতিৰ প্ৰতি এক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই সমাজখনক আগুৱাই নিবলৈ শিক্ষাৰ্থী সকল আগবাঢ়িব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলেও সজাগ-সচেতন হোৱা দৰকাৰ । বিধায়ক নুৰুল হুদাই এই অঞ্চলৰ শিক্ষাৰ্থীৰ সুবিধাৰ বাবে এখন কোচিং ইনষ্টিটিউটৰ ব্যৱস্থা কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলাম, সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত কামনা কৰি ভাষণ প্ৰদান কৰে । আজিৰ এই অনুষ্ঠানটিত এই অঞ্চলৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ১ শতাধিক ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।


ছাত্ৰ-ছাত্ৰীক ৰাজহুৱাভাৱে সন্মানিত কৰি তেওঁলোকৰ ভৱিষ্যত শিক্ষা জীৱন উন্নতি কামনা কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানত, বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা প্ৰশাসক তৈয়াবুৰ ৰহমান, প্ৰতীক্ষা নামৰ বে-চৰকাৰী সংস্থাৰ সম্পাদিকা নাজিয়া হাচান চৌধুৰী, বিদ্যালয়ৰ উপাধ্যক্ষ শ্বেখ আব্দুল্লাহ আদি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে । আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকাৰ উপস্থিতি আছিল লক্ষণীয় ।

তৈয়াবুৰ ৰহমান
ৰূপহীহাট, 848624256

Read more

Local News