Friday, November 22, 2024

ভাৰতত মুকলি কৰা হল BMW 3 Series Gran Limousine M Sport Pro সংস্কৰণ।

Share

বৃহস্পতিবাৰে ভাৰতত মুকলি কৰা হয় নতুন BMW 3 Series Gran Limousine M Sport Pro edition।

চেন্নাইৰ বিএমডব্লিউ গ্ৰুপৰ প্লাণ্টত নিৰ্মিত নতুন বিএমডব্লিউ ৩৩০লি এম স্পৰ্ট প্ৰ’ এতিয়া কোম্পানীটোৰ সকলো ডিলাৰশ্বিপ আৰু অনলাইন শ্বপত ৩৩০লি পেট্ৰল ভেৰিয়েণ্টত এক্স-শ্বৰুম মূল্য ৬২,৬০,০০০ টকাত উপলব্ধ কৰা হৈছে।

ইয়াৰ এম স্পৰ্ট প্ৰ’ সংস্কৰণত গাড়ীখনে কেৱল সাহসী নহয় বৰঞ্চ শীৰ্ষ মানৰ প্ৰযুক্তিও প্ৰদান কৰিছে। বিএমডব্লিউ গ্ৰুপ ইণ্ডিয়াৰ সভাপতি বিক্ৰম পাৱাহে এক বিবৃতিত ইয়াক চূড়ান্ত স্পৰ্টছ চেডান(ultimate sports sedan) বুলি অভিহিত কৰা নতুন বিএমডব্লিউ ৩ ছিৰিজ গ্ৰেন লিমুজিন এম স্পৰ্ট প্ৰ’ এডিচনে নিজৰ অসাধাৰণ ড্ৰাইভিং ক্ষমতাৰ সৈতে নিজৰ সুনামৰ প্ৰতি বিশ্বাসী হৈ আছে।

নতুন গাড়ীখনত চাৰিটা মেটালিক পেইণ্টৱৰ্কত উপলব্ধ আছে: মিনাৰেল হোৱাইট, স্কাইস্ক্ৰেপাৰ গ্ৰে, কাৰ্বন ব্লেক, আৰু পৰ্টিমাও ব্লু।

গাড়ীখনত আছে দুই লিটাৰ চাৰিটা চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন যিয়ে ২৫৮ এইচ পি (হৰ্চপাৱাৰ) আৰু সৰ্বোচ্চ ৪০০ এন এম (নিউটন মিটাৰ) টৰ্ক ১,৫৫০-৪,৪০০ আৰ পি এম (প্ৰতি মিনিটত ঘূৰণীয়া) উৎপাদন কৰে।

কোম্পানীটোৱে জনোৱা মতে, গাড়ীখনে ঘণ্টাত ০ -১০০ কিলোমিটাৰৰ পৰা মাত্ৰ ৬.২ ছেকেণ্ডত গতি কৰে।

গাড়ীখনত ছটা এয়াৰবেগ, এটেনটিভনেছ এচিষ্টেন্স, কৰ্ণাৰিং ব্ৰেক কণ্ট্ৰলৰ সৈতে ডাইনামিক ষ্টেবিলিটি কণ্ট্ৰ’ল (ডিএছচি), অটো হোল্ডৰ সৈতে ইলেক্ট্ৰিক পাৰ্কিং ব্ৰেক, চাইড-ইমপেক্ট প্ৰটেকচন, ইলেক্ট্ৰনিক বাহন ইমবিলাইজাৰ, ক্ৰেচ চেন্সৰ আদি সুৰক্ষাৰ বাবে আছে।

বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।

Read more

Local News