Thursday, November 21, 2024

ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ।

Share

নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এক সুকীয়া শৈক্ষিক বাতাবৰণ সৃষ্টিৰে ২০০৫ চনত সংখ্যালঘূ অধ্যুষিত অঞ্চলত স্থাপিত হোৱা অসমীয়া মাধ্যমৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো ১০০ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ শৈক্ষিক বিপ্লৱৰ সুচনা কৰিবলৈ সক্ষম হৈছে ।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৫৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১ টা ডিষ্টিংচন, ৭ টা ষ্টাৰ প্ৰাপ্তিৰে প্ৰথম বিভাগত ২৫, দ্বিতীয় বিভাগত ২৩ আৰু তৃতীয় বিভাগত ৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । উল্লেখ্য যে, মুঠ ৩৮ টা বিষয়ত লেটাৰ নম্বৰেৰে উচ্চতৰ মাধ্যমিক শাখাত সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিছে বুলি বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলাম আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিণ্টো বৰদলৈয়ে জানিবলৈ দিয়ে ।

Read more

Local News