Sunday, November 24, 2024

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ সংবাদমেল।

Share

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ সংবাদমেল। নগাওঁ লোকসভাৰ AIUDF ৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত বিধায় নুৰুল হুদাই ৰুজু কৰে গোচৰ।
সংবাদমেলত সৰৱ নগাওঁ লোকসভাৰ AIUDF ৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে।


আমিনুল ইছলামে সামাজিক মাধ্যমত বিধায় নুৰুল হুদাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক সুৰেশ বৰা জয়ী হব বুলি হিচাপ দিয়া বুলি প্ৰচাৰ চলাইছিল আমিনুল ইছলামে যত বিধায়ক নুৰুল হুদাৰ চহী জালিয়াত কৰাৰ অভিযোগ উত্থাপিত কৰে বিধায় গৰাকীয়ে, অসমৰ পৰা AIUDF দল নিছিন্ন হব গৈ আছে যাৰ বাবে বিধায়ক নুৰুল হুদাক টাৰ্গেট কৰি লৈছে। আমিনুল ইছলামে প্ৰচাৰ চলোৱা বিধায়ক নুৰুল হুদাই মুখ্যমন্ত্ৰীক লগ ধৰি হিচাপ দিয়া বুলি আমিনুল ইছলামে প্ৰমাণ দিব লাগিব মন্তব্য বিধায়ক গৰাকীয়ে।


আনফালে অসমত এইবাৰ কংগ্ৰেছে ৮খন আসন লাভ কৰিব বুলি দাবী বিধায়ক গৰাকীৰ কংগ্ৰেছে ২০২৪ৰ লোকসভাত ডিব্ৰুগড়,যোৰহাট ,কাজিৰঙা শোণিতপুৰ, ধুবুৰী ,নগাঁও, কৰিমগঞ্জ আৰু গুৱাহাটী কংগ্ৰেছৰ দখলত যাব বুলি মন্তব্য বিধায়ক নুৰুল হুদাৰ।

ফজলুল হক জুৰীয়া

Read more

Local News