Friday, November 22, 2024

তিনটিয়া আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ ভাৰত চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় মেধাৱী বৃত্তি বাচনি পৰীক্ষাত উত্তীৰ্ণ।

Share

নাৰায়ণপুৰ,৪এপ্ৰিল-

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রালয়ে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত আর্থিকভাৱে পিছপৰা (বার্ষিক ,গড় উপার্জন ৩ লাখ ৫০ হেজাৰ টকাৰ ভিতৰত) অষ্টম শ্ৰেণীৰ মেধাবী ছাত্র-ছাত্রীসকলৰ বাবে NATIONAL MEANS CUM MERIT SCHOLARSHIP (NMMS) নামেৰে বাচনি পৰীক্ষা প্রতি বছৰে অনুষ্ঠিত কৰি আহিছে। এই বাচনি বৃত্তি পৰীক্ষাত লক্ষীমপুৰ জিলাৰ ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত তিনটিয়া আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ নৰেন চাংমাই আৰু পি‌য়ানুজ বৰুৱা এই বৃত্তি পৰীক্ষাত সফলতাৰে উত্তীর্ণ হৈছে।ছাত্র-ছাত্রীসকলে শিক্ষা মন্ত্রালয়ে জাৰি কৰা নীতি-নির্দেশনা অনুসৰি বছৰি ১২,০০০(বাৰ হাজাৰ) টকাকৈ জলপানিৰ ধন নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ চাৰি বছৰৰ বাবে লাভ কৰিব।

ছাত্র-ছাত্রী অসম চৰকাৰৰ অধীনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়ন কৰি থকা হ’ব লাগিব।ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্র-ছাত্রীয়েও নিজৰ বৌদ্ধিক উৎকর্ষ সাধনৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।ৰাষ্ট্ৰীয় মেধাৱী বৃত্তি বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয়ৰ প্ৰধান তথা হাইস্কুল শিক্ষক সন্থাৰ যুটীয়া সম্পাদক ৰমেন দুৱৰা,বিশিষ্ট সাহিত্যিক তথা স্থানীয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মুক্তাৰ আলী ,বিদ্যালয় শিক্ষক কৰ্মচাৰী গোট,স্হানীয় ৰাইজ উৎফুল্লিত হয়।ৰসাল এক ৰহণীয়া পৰিৱেশৰ মাজত বিহু নৃত্যৰ দল,গুমৰাগ নৃত্যৰে ছাত্ৰ ছাত্ৰী,শিক্ষক কৰ্মচাৰীবৃন্দ ,শুভাকাংশী ৰাইজ,আত্মীয়ে স্ব-গৃহলৈ আদৰি আদৰণি জনায়।

Read more

Local News