অসম বাস্কেটবল সন্থাৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত আজিৰে পৰা নুৰুল আমিন খেলপথাৰৰ বাস্কেটবল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে অনুৰ্দ্ধ ১৭ বছৰ ছোৱালীৰ আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা। ৰাজ্যৰ বাৰটা জিলাৰ পৰা 12 টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগীতা খনিৰ আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই । প্ৰতিযোগীতা খনিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।বাস্কেটবল প্ৰতিযোগিতাৰ শুভ উদ্ধোধনী অনুষ্ঠানত অসম বাস্কেটবল সন্থাৰ সভাপতি তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমূং প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল, অসম বাস্কেটবল সংন্থাৰ বিষয়-ববীয়া আৰু নগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া সকলৰ লগতে খেলুৱৈ সকল আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।
প্ৰতিযোগিতা খনিৰ অনুষ্ঠিত হোৱাৰ পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নগাঁও নুৰুল আমিন খেলপথাৰত উপস্থিত হৈ প্ৰতিযোগীতা খনিত অংশগ্ৰহণ কৰা খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে।