Thursday, November 21, 2024

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা; ড্ৰাম্পাৰৰ খুন্দাত থিতাতে নিহত ১ আহত ২ গৰাকী স্কুলীয়া ছাত্ৰ।

Share

জুৰীয়া,৬ মে’: নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ নিচেই কাষতে বজাৰৰ মাজ মজিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন স্কুলীয়া ছাত্ৰ নিহত হোৱাৰ লগতে আন দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ ৰূপহীহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ছাত্ৰ তিনিগৰাকী এখন মটৰ চাইকেলেৰে স্কুললৈ যোৱাৰ সময়ত তীব্ৰ বেগী ড্ৰাম্পাৰে মহতিয়াই নিয়ে তিনিগৰাকী স্কুলীয়া ছাত্ৰক। থিতাতে নিহত এগৰাকী ছাত্ৰৰ লগতে গুৰুত্বৰ ভাৱে আহত হয় দুগৰাকী কৈ ছাত্ৰ।

ড্ৰাম্পাৰৰ খুন্দাত নিহত ছাত্ৰ গৰাকী গুনাবাড়ীৰ মামুদ জামান(১৫)। আহত ছাত্ৰ দুগৰাকী ক্ৰমে গুনাবাড়ীৰ ইক্রমূল হʼক আৰু গেৰেকীৰ ইফতিকাৰ আহমেদ। AS 25EC 8723 নম্বৰৰ ড্ৰাম্পাৰে খুন্দিয়াই মহতিয়াই নিয়ে AS 02 AL 1637 নম্বৰৰ মটৰ চাইকেলক।আহত দুগৰাকীক ততাকৈয়ে নগাওঁ মেডিকেল কলেজত ভৰ্তি কৰোৱাই। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। উল্লেখ্য যে নিহত মামুদ জামানেই আছিল মটৰ চাইকেল খনৰ চালক ।

অভিভাৱকৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবেই আজি মামুদ জামানৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী ছাত্ৰ আহত হ’ব লগা হ’ল বুলি ঘটনা স্থলীত ৰাইজে ক্ষোভ উজাৰিছে। আনহাতে সদা ব্যস্ত পথত ড্ৰাম্পাৰ আৰু ট্ৰেক্টৰৰ অতপিলিত পথচাৰি অতিষ্ঠ হোৱাৰ পাছতো আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ব্যস্ত পথ সমূহত ড্ৰাম্পাৰ আৰু ট্ৰেক্টৰেৰে মাটি কঢ়িওৱা প্ৰক্ৰিয়াটোত নাকি লগাৰ বাবে অসমৰ সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে ৰাইজে।

Read more

Local News