Friday, November 22, 2024

ৰূপহীহাটত একেদিনাই সংগঠিত হৈছে দুটাকৈ হৃদয় বিদাৰক ঘটনা ৷

Share

ৰূপহীহাটত একেদিনাই সংগঠিত হৈছে দুটাকৈ হৃদয় বিদাৰক ঘটনা ৷ ৰূপহীহাটত একেদিনাই দুজনে ললে চিপ ৷

ৰূপহীহাটৰ ৭ নং ভগামুখৰ শ্বাহৰুখ আলীয়ে চিপ লৈ আত্মহত্যা কৰে ৷ পাৰিবাৰিক কন্দলৰ বাবেই আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে ৷ চিপ লোৱা অৱস্থাৰ পৰা পৰিয়ালৰ লোকে শ্বাহৰখ আলীক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আনপিনে ৰূপহীহাটৰ পূৱ শিঙিমাৰীতো এগৰাকী ছোৱালীয়ে চিপ লৈ আত্মহত্যা কৰিবলৈ চেষ্ঠা চলায় ৷

চিপ লৈ আত্মহত্যা কৰাৰ চেষ্ঠা চলোৱা ছোৱালীজনীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ৷যদিঅতি সংকটজনক হোৱাত নগাঁও মেডিকেল লৈ প্ৰেৰণ কৰে। ৰূপহী থানা খবৰ পাই ঘটনা স্থালী আহে আৰু তদন্ত অব্যাহত ৰাখে।

শিঙিমাৰী পৰা তৈয়াবুৰ ৰহমানৰ ৰিপোৰ্ট

Read more

Local News