Thursday, November 21, 2024

ৰহিম আলীৰ মৃত্যু হৈছিল বিদেশী ঘোষিত হোৱাৰ ৯ বছৰ পিছত।

Share

ৰহিম আলীৰ মৃত্যু হৈছিল বিদেশী ঘোষিত হোৱাৰ ৯ বছৰ পিছত। মৃত্যুৰ দুবছৰ পিছত আদালতৰ ৰায় আহিল ৰহিম আলী স্বদেশী আছিল। বিদেশীৰ কলংক লৈ মৃত্যু হোৱা ৰহিম আলীক এতিয়া চৰকাৰ যন্ত্ৰই গৈ খবৰটো জনাবনে, যে আপোনাক স্বদেশীৰ চাৰ্টিফিকেট দিয়া হৈছে? এনে ৰহিম আলী সহস্ৰাধিক আছে আমাৰ চৌপাশে! অন্যায়, অবিচাৰ আৰু বঞ্চনাৰ মন্ত্ৰ গাই এই দুনীয়াৰ পৰা বিদায় লৈ আছে। জেনফবিয়াত আক্ৰান্ত শাসনতন্ত্ৰ! কি নতুন কি পুৰণি, এতিয়া এই ফবিয়া ক্ৰনিক বেমাৰ! এই মন্তব্য চেঙাৰ বিধায়ক আশ্ৰাফুল ইছলামৰ ।

ৰহিম আলীৰ খবৰ আগশাৰীৰ ৰাষ্ট্ৰীয় কাকত দ্যা ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে, এই প্ৰসংগতে কাকতৰ সম্পাদকে নিজৰ কলমো লিখিছ, চিত্ৰকাৰে কাকতত এই প্ৰসংগত চিত্ৰও আঁকিছে। চৰকাৰযন্ত্ৰ আৰু তামাম নিৰপেক্ষ সংস্থা- প্ৰাধিকাৰী আদিৰ চকুত পৰিবনে? এইদৰে প্ৰশ্ন উত্থাপন কৰিছে চেঙাৰ বিধায়কে ।

Read more

Local News