গুৱাহাটী, ৫ জুন: আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্র বিশ্বৰ লগতে অসমতো পালিত হৈছে এই দিবসটি। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ পৰিৱেশ দিৱসত সকলোৱে মিলি গছ পুলি ৰোপণেৰে সেউজী ধৰণীক আৰু ধুনীয়া কৰাৰ সপোন ৰচিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ স্বেচ্ছাসেৱী সংগঠন একচন ফ’ৰ ৰুৰেল প’ৰৰ উদ্যোগত এডুকেয়াৰ ছিনিয়াৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগনত প্ৰকৃতিৰ সৈতে বহনক্ষম জীৱন যাপন” শীর্ষক শ্লোগানেৰে বিশ্ব পৰিবেশ দিৱসৰ ভিন্ন কাৰ্যসূচীৰ ৰূপায়ন কৰা হয়।
পুৱা গছপুলি ৰোপণ, গছপুলি বিতৰণ, বিশ্ব পৰিবেশ দিৱস ৰ লগত সংগতি ৰাখি সজাগতা সভা আয়োজন আদি কাৰ্য্যসূচী সম্পন্ন কৰা হয়। উক্ত অনুষ্ঠানত স্বেচ্ছাসেবী সংগঠন একচন ফ’ৰ ৰুৰেল প’ৰৰ সম্পাদক ছাইব আলী, এডুকেয়াৰ ছিনিয়াৰ ছেকেণ্ডাৰী স্কুলৰ উপাধ্যক্ষ জিয়াবুৰ ৰহমান, স্বত্বাধিকাৰ জাফৰ ফেৰদৌছ আহমেদ, সদৌ নগাঁও জিলা মুক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়ন সভাপতি হাফিজ উদ্দিন, বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামণি বেগম , সহকাৰী শিক্ষক ছাইব আলী, ৰাজিবুল হাছান, পাৰবিছ মোশ্বাৰফ, ৰকিবুল ইছলাম, উমৰ ফাৰুক লগতে ছাত্র ছাত্রী উপস্থিত আছিল।