Thursday, November 21, 2024

স্তব্ধ হৈ ৰল এটি সাহসী কণ্ঠ;পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান।

Share

যোৱা দুটা দশক ধৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে যুজ দি অহা মহিয়হী নাৰী বিৰুবালা ৰাভাই অৱশেষত GMCHত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বিৰুবালা ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া।

১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম হৈছিল পদ্মশ্ৰী বীৰুবালা ৰাভাৰ।
আজি পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। আজি পুৱা আই চি ইউতে মৃত্যুক সাৱটি লয় অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই।


উল্লেখ্য যে, অসমত তথাকথিত ‘ডাইনী’ৰ নামত হত্যা-নিৰ্যাতন আদি সামাজিক ব্যাধি তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰি বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ যুঁজত অগ্ৰণী সৈনিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা স্বনামধন্য মহিলা, ‘মিছন বিৰুবালা’ৰ গুৰি ধৰোঁতা তথা মানৱতাবাদী সমাজকৰ্মী আছিল বিৰুবালা ৰাভা ৷ অসমত ডাইনী সন্দেহত আতিশয্যৰ সন্মুখীন হোৱা বহু লোকক সহায় কৰিছে বিৰুবালা ৰাভাই। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

বিশিষ্ট সমাজকৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই সামাজিক অনিয়ম, অন্ধবিশ্বাস, কু-প্ৰথা, ডাইনী-হত্যা আদিৰ বিৰুদ্ধে আজীৱন অসাধাৰণ সংগ্ৰাম চলাই যোৱা পদ্মশ্ৰী ৰাভাৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ৷

Read more

Local News