Tuesday, December 3, 2024

সামুদ্ৰিক ঘূৰ্ণী বতাহ ৰীমালৰ প্ৰভাৱত নগাঁও চহৰৰ লগতে সমগ্ৰ জিলাখনতো ব্যাপক ক্ষতি হৈছে।

Share

সামুদ্ৰিক ঘূৰ্ণী বতাহ ৰীমালৰ প্ৰভাৱত নগাঁও চহৰৰ লগতে সমগ্ৰ জিলাখনতো ব্যাপক ক্ষতি হৈছে। সমগ্ৰ জিলা খনতে বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰকাণ্ড গছ বাগৰি বহু পথৰ যোগাযোগ ব্যাহত হোৱাৰ খবৰ আহিছে। APDCLৰ ৩৫০টা খুটা সমগ্ৰ জিলাখনতে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বিদ্যুৎ সংযোগো ব্যাহত হৈছে। ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা কৰি জিলা প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰিছে। দূৰ্যোগ প্ৰশমন বিভাগ আৰু শক্তি বিভাগে পূৰ্ণগতিত কাম কৰি আছে। প্ৰকৃতিৰ এই ৰুষ্ট ৰূপ ক্ষান্ত নোহোৱালৈকে সকলোকে সুৰক্ষিত হৈ থকাৰ বাবে আহ্বান জনাইছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ঘূৰ্ণীবতাহ ৰীমালৰ প্ৰতি লক্ষ্য ৰাখি সমূহ অসমবাসী ৰাইজক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰী কৰা নিৰ্দেশনা সমূহ মানি চলিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে শৰ্মাই ৷

লগতে এই সময়খিনিত, অত্যন্ত প্ৰয়োজন নহ’লে বিশেষকৈ গছৰ তল, নৈৰ পাৰ, খেতিপথাৰ আদি স্থানলৈ যোৱা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে ৷

এই বিপদৰ সময়ত চৰকাৰে সৰ্বতো প্ৰকাৰে নগাঁৱৰ ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে |

Read more

Local News