কঠীয়াতলী ১৩ জুলাইঃ আজি কঠীয়াতলীৰ থাৰ্ড আই কম্পিউটাৰ চেণ্টাৰত ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যেৰে চেণ্টাৰৰ গৰাকী চিন্ময় শংকৰ বৰাৰ আহ্বানত কঠীয়াতলী প্ৰেছ ক্লাবৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত বহা এখন সভাত কঠীয়াতলী ইংলিছ একাডেমী নামেৰে এখন বিদ্যালয় আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক তথা থাৰ্ড আই কম্পিউটাৰ চেণ্টাৰৰ স্বতাধিকাৰ চিন্ময় শংকৰ বৰাই। আজিৰ পৰা সাত বছৰৰ আগতেই কঠীয়াতলীত প্ৰয়াত অমল ৰয়ৰ গৃহতেই কম্পিউটাৰ চেণ্টাৰটো আৰম্ভ কৰি বহু শিক্ষিত যুৱক -যুৱতীক কম্পিউটাৰৰ ডিপ্লোমা প্ৰদানৰ জৰিয়তে সংস্থাপন দিবলৈ সক্ষম হৈছে। সেয়ে তেওঁ পুণৰ কঠীয়াতলীত এখন ইংৰাজী শিক্ষা প্ৰসাৰৰ অৰ্থে এনে এখন বিদ্যালয় আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
সভাৰ আঁত ধৰি সাংবাদিক মুক্তিকাম লস্কৰেও বিদ্যালয়খনৰ প্ৰয়োজনীয়তা সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। আগন্তুক ২০২৫ শিক্ষা বৰ্ষৰ পৰায়ে নিজকঠীয়াতলী সাপ্তাহিক বজাৰৰ সমীপত বিদ্যালয় খনৰ শৈক্ষিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লক্ষ্যৰে এখন পৰিচালনা সমিতি গঠন কৰা হয়। সভাপতি হিচাপে ভাস্কৰ বৰদলৈ, সদস্য সচিব স্বতাধিকাৰ চিন্ময় শংকৰ বৰা, কোষাধ্যক্ষ ভাস্বতী শইকীয়া, মুখ্য উপদেষ্টা মুক্তিকাম লস্কৰ, সদস্য দীপক সিং, কৌশিক বৰা, ভাৰ্গবজ্যোতি শইকীয়া, ৰিংকু ভট্টাচাৰ্য, ৰিংকু ৰয় কৰ্মকাৰ, অদিত যাদৱ আৰু দৰ্শণ ৰয়। আগন্তুক শিক্ষা বৰ্ষতে পাঠদান কাৰ্য আৰম্ভ কৰাৰ লক্ষ্যৰে আজিৰ সভাতেই ভাস্কৰ বৰদলৈক প্ৰধান শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰাৰ লগতে সকলো দিশ চোৱা চিতা কৰিবলৈ বিকাশ শৰ্মাক দায়িত্ব প্ৰদান কৰা হয়।
ভাষণত সভাপতিয়ে কয় যে ইংৰাজী মাধ্যমৰ বিদ্যালয় হ’লেও অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে সকলো সংস্কাৰ সাধন হোৱাকৈ গুণগত শিক্ষা প্ৰদান কৰিবলৈ শিক্ষক সকলে চেষ্টা যত্ন কৰিব লাগিব। ইতিমধ্যে আলোচনা কৰা হয় যে প্ৰথম শৈক্ষিক বৰ্ষত নামভৰ্তি মাচুল বিনামূলীয়া হ’ব যদিও কম পৰিমাণে মাহেকীয়া মাচুল লোৱা হ’ব আৰু দৰিদ্ৰ সীমা ৰেখা তলৰ শিক্ষাৰ্থীৰ দহ শতাংশ মাচুল ৰেহাই থাকিব আৰু বহুখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে স্বত্বাধিকাৰ চিন্ময় শংকৰ বৰাই। আশা কৰা যায় যে কঠীয়াতলী ছেণ্ট থমাছ ইংলিছ স্কুললৈ যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি বিপদাপন্ন হৈ পৰাত বিদ্যালয় এখন ওচৰতে হলে সকলোৰে সুবিধা হ’ব।
বিদ্যালয়খনে কঠীয়াতলী, নিজকঠীয়াতলী আৰু ৰাঙলু অঞ্চলৰ ইংৰাজী শিকাৰু সকলৰ ক্ষেত্ৰত উপকাৰ সাধন হ’ব বুলি আশা কৰা হৈছে।
কমলেশ্বৰ শইকীয়া
কঠীয়াতলী।