Thursday, November 21, 2024

লোকসভা নিৰ্বাচনৰ বাবে আজি বন্ধ হ’ল এন এছ ই(NSE), বি এছ ই(BSE)।

Share

মুম্বাইত চলি থকা লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে বন্ধ থাকিব এন এছ ই আৰু বি এছ ই।

বম্বে ষ্টক এক্সচেঞ্জৰ ট্ৰেডিং ছুটীৰ কেলেণ্ডাৰ অনুসৰি এছ এল বি আৰু ডেৰাইভেটিভকে ধৰি বজাৰৰ সকলো ছেগমেণ্ট বন্ধ থাকিব।

সোমবাৰে পঞ্চম পৰ্যায়ৰ সৈতে জড়িত অন্যতম অঞ্চল মুম্বাইত এই উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব সাধাৰণ ব্যৱসায়িক কাম-কাজ।

পুৱাৰ অধিবেশনৰ সময়ত মাল্টি কমডিটি এক্সচেঞ্জ (এমচিএক্স) বন্ধ থাকিব যদিও সন্ধিয়াৰ অধিবেশনত পুনৰ কাম আৰম্ভ হব।

মঙলবাৰে পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ শ্বেয়াৰ বজাৰত ব্যৱসায় আৰম্ভ হব।

শ্বেয়াৰ বজাৰত আগন্তুক ব্যৱসায়িক বন্ধৰ দিনসমূহ হ’ল- ঈদ-উল-ফিতৰৰ বাবে ১৭ জুন, মুহাৰমৰ বাবে ১৭ জুলাই, ১৫ আগষ্ট, ২ অক্টোবৰ, গুৰু নানক জয়ন্তীৰ বাবে ১৫ নৱেম্বৰ, আৰু বৰদিনৰ বাবে ২৫ ডিচেম্বৰ।

শনিবাৰে শ্বেয়াৰ বজাৰত অনুষ্ঠিত হয় এক বিশেষ ব্যৱসায়িক অধিবেশন।

চেন্সেক্স ৮৮ পইণ্ট বৃদ্ধি পাই ০.১২ শতাংশৰ সমতুল্য, ৭৪,০০৫ পইণ্টত উপনীত হোৱাৰ বিপৰীতে নিফটি ৩৫ পইণ্ট বা ০.১৬ শতাংশ বৃদ্ধি পাই ২২,৫০২ পইণ্টত উপনীত হয়।

বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।

Read more

Local News