চেৰাপুঞ্জী, মেঘালয় – প্ৰতীক্ষাৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে অনুমোদন জনোৱা ৭ দিনীয়া গান্ধী শিল্প বজাৰৰ সফলতা আৰু প্ৰশংসাৰ ৰেখা এৰি থৈ গৈছে। চিত্ৰময় চহৰ চেৰাপুঞ্জীত অনুষ্ঠিত এই অনুষ্ঠানত দৰ্শনাৰ্থী আৰু গ্ৰাহকৰ আপ্লুত সঁহাৰি পোৱা যায়, যিয়ে বজাৰখনলৈ ভিৰ কৰি প্ৰদৰ্শিত সুন্দৰ হস্তশিল্পৰ সামগ্ৰীসমূহ অন্বেষণ আৰু ক্ৰয় কৰে। বজাৰখনত হাতেৰে নিৰ্মিত বস্ত্ৰশিল্প, বাঁহ বেতৰ সামগ্ৰী, শিল্পকৰ্মকে ধৰি বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শন কৰা হৈছিল । এই সকলোবোৰে উত্তৰ-পূব ৰাজ্যসমূহৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰিছিল।
বিক্ৰী হৈ যোৱা হস্তনিৰ্মিত সামগ্ৰী আৰু শিপিনীসকলে বুকিং কৰা অসংখ্য অৰ্ডাৰত অনুষ্ঠানটোৰ সফলতা স্পষ্ট হৈ পৰিছে । বজাৰখনে স্থানীয় শিল্পীসকলক নিজৰ দক্ষতা প্ৰদৰ্শন আৰু গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ বাবে এক অতি প্ৰয়োজনীয় মঞ্চ প্ৰদান কৰিছে বুলি স্থানীয় লোকৰ মুখত প্ৰকাশ পাইছে । যাৰ ফলত স্থানীয় অৰ্থনীতিত অৰিহণা যোগাইছে। উদ্যোক্তা প্ৰতীক্ষ্যই ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ক সহায় আৰু অনুমোদনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
“গান্ধী শিল্প বজাৰৰ সঁহাৰি আৰু ফলাফলত আমি ৰোমাঞ্চিত হৈছো। ইয়াৰ লগত জড়িত সকলোৰে বাবে ই সঁচাকৈয়ে এক সমৃদ্ধিশালী অভিজ্ঞতা, আৰু আমি ভৱিষ্যতে আৰু বহুতো এনে পদক্ষেপৰ বাবে আগ্ৰহী।” গান্ধী শিল্প বজাৰে অঞ্চলটোত হস্তশিল্প আৰু বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে এক নতুন মাপকাঠী স্থাপন কৰিছে আৰু ইয়াৰ সফলতাই স্থানীয় সমাজত স্থায়ী প্ৰভাৱ পেলাব।