Friday, November 22, 2024

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ ঘুমতাল অঞ্চলত বুঢ়ীদিহিং নৈৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

Share

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ ঘুমতাল অঞ্চলত বুঢ়ীদিহিং নৈৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী এখন নাৱত উঠি গৈ পৰিস্থিতি নিৰীক্ষণ কৰে আৰু বানাক্ৰান্তসকলক জৰুৰীকালীন সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মথাউৰিৰ ছিগা অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ মেগা বেগ ব্যৱহাৰ কৰি মেৰামতি কৰিবলৈ যুদ্ধকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰশাসনে বানাক্ৰান্তৰ ক্ষতিগ্ৰস্ত ঘৰসমূহ মেৰামতি, পুনৰ্নিৰ্মাণ কৰিব বুলি ৰাইজক পৰিদর্শনকালত মুখ্যমন্ত্ৰীই আশ্বাস দিয়ে । মুখ্যমন্ত্ৰীই টেঙাখাত মহাবিদ্যালয়ত বানাক্ৰান্তৰ বাবে স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰ পৰিদৰ্শন কৰি সা-সুবিধাবোৰৰ বিষয়ে বুজ লয়। উক্ত সময়ছোৱাত বিধায়ক তেৰশ গোৱালাৰ সৈতে অসম মন্ত্ৰী সভাৰ পিয়ুষ হাজৰিকা উপস্থিত থাকে।

Read more

Local News