এইবাৰ চাৰি সন্তানৰ মাতৃ নিৰুদ্দেশ। এটি পাঁচ বছৰীয়া কন্যা সন্তানৰ সৈতে যোৱা বুধবাৰেৰ পৰা নিৰূদ্দেশ হৈ আছে। স্বামী বহিঃৰাজ্য কেৰেলাত কৰ্মৰত। এই ঘটনা সংঘটিত হৈছে জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গদাইমাৰী গাওঁত ।
জিয়াবুৰ ৰহমানৰ পৰিয়াল আৰ্থিক বাবে দূৰ্বল হোৱাত বৈবাহিক যুগ্মজীৱনত সুখ শান্তিৰ কথা চিন্তা কৰি জিয়াবুৰ ৰহমানে ২ বছৰ আগতে কৰ্মৰ সন্ধানত বহিঃৰাজ্য কেৰেলাত গৈ কৰ্মৰত অৱস্থাত আছিল।
যোৱা বুধবাৰেৰ পৰা বিমলা খাতুন গৃহৰ পৰা সন্ধানহীন হোৱাৰ পিছত আতংকময় পৰিবেশ সৃষ্টি স্বামী জিয়াবুৰ ৰহমানৰ পৰিয়ালৰ মাজত।
জিয়াবুৰ ৰহমানৰ পৰিয়ালে বিভিন্ন জেগাত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই উপায়হীন হৈ দগাওঁ আৰক্ষী পহৰা চকীত লিখিত জাননী দিয়ে ভুক্তভোগী জিয়াবুৰ ৰহমানৰ পৰিয়ালে।
এই বিমলা খাতুনক যদি কোনো সন্ধান পায় তেন্তে স্ক্ৰিনত দিয়া নম্বৰত যোগা যোগ কৰিব