মহাপুৰুষ মাধৱদেৱৰ ৫৩৪সংখ্যক আৱিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি আজি
নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ত মহাপুৰুষ দিৱস পালন কৰা হয়। অসমীয়া সমাজ-সংস্কৃতিৰ গুৰি ধৰোঁতা
চাৰিগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱৰ প্ৰতি সশ্রদ্ধ প্ৰণিপাত জনোৱাৰ
উদ্দেশ্যে তথা মহাপুৰুষসকলৰ আদৰ্শ আৰু কৰ্মৰাজি শিক্ষাৰ্থীসকলক অৱগত কৰাবৰ বাবে এই দিৱস পালন কৰা
হয়।
এই অনুষ্ঠানতে দয়া বৰা আৰু তেওঁৰ সংগীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰি শিক্ষাৰ্থী আৰু শিক্ষক-কর্মচাৰীক আপ্লুত কৰি তোলে।
Share
Read more