Thursday, November 21, 2024

মন্ত্ৰী অতুল বৰা নগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত এখন পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে।

Share

অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰা নগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত এখন পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে। উল্লেখিত পৰ্যালোচনা সভাত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ, জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ,অঃঅঃসেঃ, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাঁহী বিষয়া অনন্ত কুমাৰ গগৈ , অঃঅঃসেঃ অতিৰিক্ত আয়ুক্ত তথা মূখ্য কাৰ্য্যবাঁহী বিষয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অঃঅঃসেঃ, সমাজকৰ্মীদ্বয় অভিজিৎ নাথ, মণি মাধৱ মহন্ত লগতে জিলাৰ মুৰব্বী বিষয়া আৰু চক্ৰ বিষয়াসকল উপস্থিত থাকে।

Read more

Local News