ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চা ৰাজ্যিকৰ সভানেত্ৰী স্বপ্না বণিয়াৰ নেতৃত্বত মহিলা মৰ্চাৰ এটি সঁজাতি দল আজি নগাঁৱত উপস্থিত হৈ বান শিৱিৰ সমূহ পৰিদৰ্শন কৰে। দলটোৱে বান শিৱিৰ সমূহত উপস্থিত হৈ শিৱিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰণ কৰাৰ লগতে বান শিৱিৰত বৰ্নাত্য সকলৰ চিকিৎসা সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰি অহা চিকিৎসা কৰ্মী, আশা কৰ্মী আৰু অঙ্গনবাদী কৰ্মী সকলক তেখেতে সকলে আগবঢ়াই অহা সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত মহিলা মৰ্চাৰ ৰাজ্যিকৰ সম্পাদিকা আশা বৰদলৈ, নগাঁও জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা প্ৰমুখ্যে মহিলা মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
বানপিড়ীত ৰাইজৰ বাবে মহিলা মৰ্চাই গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে মৰ্চাৰ প্ৰতিগৰাকী বিষয়-ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । বান শিৱিৰ সমূহত মহিলা মৰ্চাৰ বিষয়ববীয়া সকলৰ সৈতে উপস্থিত থাকি বৰ্নাত্য সকলৰ সা-সুবিধাৰ বুজ লয় বিধায়ক গৰাকীয়ে ।