ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নগাঁও জিলাৰ কলিয়াবৰ হাতীমূৰা স্থিত মথাউৰি পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে ইং ৭ আগষ্ট ২০২৪ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মথাউৰি মেৰামতি কাৰ্যৰ বুজ লয়। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে মথাউৰিৰ নিৰ্মাণৰ অৱশিষ্ট কামখিনি অতি ক্ষিপ্ৰতৰে সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। উক্ত পৰিদৰ্শনৰ কালচোৱাত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নগাঁও বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ, জলসম্পদ বিভাগৰ অভিযন্তা প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নগাঁও জিলাৰ কলিয়াবৰ হাতীমূৰা স্থিত মথাউৰি পৰিদৰ্শন।
Share
Read more