বুঢ়াচাপৰি অভয়াৰণ্যত নগাঁও আৰক্ষী, বন বিভাগ আৰু CRPF ৰ বৃহৎ অভিযান। লাঠিমাৰীৰ অস্থায়ী বন শিবিৰ ভঙা ১৩ পুৰুষ মহিলাক আটক। নিশাৰ ভাগত অধিক লোকক আটক কৰাৰ সম্ভাৱনা ।
যোৱা সোমবাৰে জুৰীয়াৰ পূৱ লাঠিমাৰি চৰত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা । বন বিভাগৰ চকুৰ সন্মুখতে শতাধিক দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিছিল বন বিভাগৰ অস্থায়ী শিৱিৰ। একাংশ উচ্ছেদিত পৰিয়ালৰ লোকে ভাঙি পেলাইছিল বুঢ়াচাপৰি অভয়াৰণ্যৰ লাঠিমাৰিত নিৰ্মাণ কৰা অস্থায়ী বন বিভাগৰ শিবিৰ।
আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে বিশাল আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ সহযোগত কেবাটাও চৰৰ পৰা ১৩ জন পুৰুষ মহিলাক আটক কৰে।
আটক কৰা লোক কেইজন ক্ৰমে মৰ্জিনা বেগম, মনুৱাৰা বেগম, মমতাজ বেগম,ৰাবিয়া খাতুন,মৰিয়ম নেছা,আজিদা খাতুন,কামাল উদ্দিন,ইজাজুল হকক শিয়ালীচাপৰিৰ পৰা আটক কৰিছে আৰক্ষীয়ে।
নগাঁও আৰক্ষীয়ে আটক কৰা লোক কেইজনক ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে তেজপুৰ আৰক্ষীক চমজাই দিছে।
আনফালে বৃহৎ অৰ্ধসামৰিক বাহিনীৰ দল লগতলৈ আৰক্ষী আৰু বন বিভাগে চৰ চাপৰিত দুষ্কৃতিকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
নিশাৰ ভাগত অধিক লোক আটক হোৱাৰ সম্ভাৱনা।