বড়পেটা জিলাৰ অধিবাসী শ্ৰী হিতেশ শৰ্মা আৰু শ্ৰীমতী কৰৱী শৰ্মাৰ কন্যা, আই আই টি ইন্দোৰৰ ছাত্ৰী শ্ৰী কৃশাংগী কাশ্যপে বিশেষ কৃতিত্ব লাভ।
আই আই টি ইন্দোৰৰ ছাত্ৰী শ্ৰী কৃশাংগী কাশ্যপে Astronomy, Astrophysics and Space Engineering বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত ৯.৪৫ চিজিপিএ লাভ কৰি সৰ্বশ্ৰেষ্ঠ আই আই টি টপাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা বাতৰি বৃহৎ আনন্দৰ বিষয়। মেধাৱী ছাত্ৰীগৰাকীক অভিনন্দন জনাইছোঁ।
মহাকাশ সংস্থা NASAৰ উদ্যোগত চলিত বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত 55th Lunar and Planetary Science Conference (LPSC 55) 2024ত ভাৰতৰ ছাত্ৰী ৰূপে যোগদানৰ সুযোগ লাভ কৰা কৃশাংগীয়ে বৰ্তমান চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে গৱেষণা চলাই আছে। কৃশাংগীৰ অনাগত শৈক্ষিক আৰু ভৱিষ্যৎ গৱেষণা প্ৰকল্পৰ বাবে শুভকামনা যাচিলোঁ।