বৰ্তমান পূৰ্ণ গতিত চলি আছে ক্ৰিকেট খেলৰ অন্যতম আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ প্ৰতিযোগিতা “ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ” চমুকৈ আই পি এল ৷ এই আই পি এলৰ উন্মাদনাই সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাকো আৱৰি ৰাখিছে ৷ পিছে ধন সৰ্বস্ব এই আই পি এলৰ গইনা লৈ জিলাখনৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই গোপনে বৃহৎ জুৱা চলাই থকাৰ সময়তে জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন শান্তিজান বজাৰত এটা আই পি এল জুৱাৰী আৰক্ষীৰ জালত পৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ধৃত আই পি এল জুৱাৰীটোৰ নাম হৈছে ৰমজান আলী । আচলতে, এক গোপন খবৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই আটক কৰে আই পি এল জুৱাৰীটোক ৷ আৰক্ষীয়ে জুৱাৰীটোৰ পৰা নগদ ১৯ হেজাৰ টকা আৰু এটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত আই পি এল জুৱাৰীটোৱে ম’বাইল এপৰ জৰিয়তে নগাঁও জিলাত আই পি এলৰ নামত এক বৃহৎ জুৱাৰ আড্ডা গঢ়ি তুলিছিল ৷ ইফালে, ধৃত ৰমজান আলীৰ সহযোগীসকল পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷