বেবেজীয়া, 5 জানুৱাৰী :নগাঁৱৰ সোণাই একাডেমীত আজি অনুষ্ঠিত হয় এখন শৈক্ষিক মনোজ্ঞ আলোচনা চক্ৰ । একাডেমীৰ অধ্যক্ষ মীৰান হাদী হোছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী সভাত মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক শিক্ষাবিদ আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, অভিযান্ত্ৰিক বিষয়া উপস্থিত থাকে।মধ্য অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ বচা বচা অধ্যক্ষ ,শিক্ষক শিক্ষয়িত্ৰী আৰু শৈক্ষিক -বৌদ্ধিক মহলে অংশগ্ৰহণ কৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত।
ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শিক্ষাবিদ নুৰুল আমিনৰ একান্ত প্ৰচেষ্টা আৰু জুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ আলবিন মুস্তাকৰ সহযোগীতাৰ ফলত নগাঁও জিলাৰ সোণাইঘাট চলচলিত আত্মপ্ৰকাশ কৰিবলৈ লৈছে সোণাই একাডেমী চিভিল চাৰ্ভিচ নামৰ এক সুদূৰ প্ৰসাৰী আৰু ব্যতিক্ৰমী শিক্ষানুষ্ঠান।বহু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, অভিযান্ত্ৰিক বিষয়া,আৰক্ষী বিষয়া আৰু শিক্ষাবিদৰ অংশগ্ৰহণ আছিল আজিৰ মনোজ্ঞ আলোচনা চক্ৰৰ মূখ্য আকৰ্ষণ!সোণাই একাডেমীৰ অধ্যক্ষ মীৰান হাদী হোছেইনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত জুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ আলবিন মুস্তাকে প্ৰদান কৰে উদ্বোধনী ও আদৰণি ভাষন!আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলক দেশৰ প্ৰশাসনিক বিষয়া হোৱাৰ ক্ষেত্ৰত মনাকৰ্ষন বৃদ্ধি কৰাৰ বাবে লব লগীয়া শৈক্ষিক উত্তৰণৰ গতিধাৰাৰ ওপৰত প্ৰতি গৰাকী আমন্ত্ৰিত অতিথিয়ে পৰামৰ্শ মূলক বক্তব্য প্ৰদান কৰে । পাচঁ শতাধিক উচ্চস্তৰীয় শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ তত্ত্ব গধূৰ ভাষণ প্ৰদান।
উল্লেখযোগ্য যে, নগাঁও জিলাৰ সোণাই একাডেমী পৰিয়ালে শিক্ষাৰ্থী সকলক চিভিল চাৰ্ভিচৰ প্ৰতি আকৃষ্ট কৰিবলৈ ২০২৩ বৰ্ষৰে পৰাই সোণাই আই এছ এছ একাডেমী প্ৰতিষ্ঠা কৰিছিল। আৰু তাৰেই অংশ হিচাপে আজি মধ্য অসমৰ বচা বচা শিক্ষাবিদ আৰু অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া সকলক লৈ সোণাই একাডেমী পৰিয়ালে সমূহীয়াকৈ অনুষ্ঠিত কৰিছে এই মনোজ্ঞ আলোচনা চক্ৰ। য’ত আলোচক হিচাপে বিভিন্ন স্তৰৰ অৰ্ধ শতাধিক উচ্চস্তৰীয় শিক্ষাবিদে ভাষণ প্ৰদান কৰে ।