কলিয়াবৰত হাতীমুৰাৰ বান্ধ ভাঙি কলঙেদি ব্ৰহ্মপুত্ৰৰ পানী সোমাই অহাৰ পিছত কলঙৰ জলপৃষ্ঠ কিছু বৃদ্ধি পোৱাত নগাঁও পৌৰসভাৰ কেইবাটাও মহলাকে ধৰি চহৰখনৰ পাৰ্শ্বৱৰ্তী কলঙৰ পাৰৰ কিছু অঞ্চল বানৰ কবলত পৰিছে। শেহতীয়াকৈ নগাঁও মাজৰআটি আৰু ৰৌমাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটি এছোৱা কলঙৰ বাঢ়নী পানীয়ে ভাঙি নিয়ে। এই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । বাঢ়নী পানীয়ে চিঙি নিয়া পথটি পৰিদৰ্শন কৰে আৰু শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ বিভাগীয় বিষয়-ববীয়াক নিৰ্দেশ প্ৰদান কৰে ।
Share
Read more