নগাঁও জিলা লোক নিৰ্মাণ বিভাগৰ চৰম উদাসীনতাৰ বাবেই জিলাখনত ঠিকাদাৰ ময়মতালি । দলঙ সমুহ পকী কৰিছে যদিও মেৰামতিৰ অভাৱত দলঙৰ দুয়ো কাষে পকী বহীযোৱাত পথচাৰী দলঙনত উঠাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে সমগ্ৰ জিলাখনত । সোমাই ছাইদৰীয়া গড় কাপ্তানি পথ ছোৱা বিধ্বস্ত হোৱাৰ লগতে বেদখলৰ কৱলত পৰিছে যদিও বিভাগী কৰ্তৃপক্ষৰ কোনো ভ্ৰুক্ষেপ নাই ।
যোৱা আঠ বছৰে বিভাগীয় কৰ্তৃপক্ষ আৰু জন প্ৰতিনিধিৰ বাবে সোমাই ছাইদৰীয়া পথৰ পথচাৰীৰ আয়ু হ্ৰাস কৰিছে । ঠিকাদাৰৰৰ কোলাত নিদ্ৰামগ্ন জনপ্ৰতিনিধি আৰু নগাঁও জিলা লোক নিৰ্মান বিভাগ ।