নগাঁও চহৰৰ পানীগাঁও ছয়আলিত নিৰ্মীয়মান অৱস্থাত থকা “ভূপেন হাজৰিকা কলাৰ্তীথ” আজি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় নগাঁও বিধাসভাৰ বিধায়ক ৰূপক শৰ্মাই। আটকধুনীয়া ৰূপত নিৰ্মাণ হৈ থকা “ভূপেন হাজৰিকা কলাৰ্তীথ”ত কেইবাটাও সংগ্ৰাহলয় (Museum)ৰ লগতে শিশু সকলৰ বাবে উদ্যান,কেইবাটাও সভাগৃহ আৰু অত্যাধুনিক সুবিধা যুক্ত বিভিন্ন সেৱা উপলব্ধ হ’ব বুলি জনাই বিধায়কে। গুৱাহাটীৰ “শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ”ৰ পাছতে নগাঁৱত নিৰ্মাণ হৈ থকা “ভূপেন হাজৰিকা কলা তীৰ্থ” দ্বিতীয় এখন সৰ্ববৃহৎ কলা তীৰ্থলৈ পৰিগণিত হ’বলৈ গৈ আছে। এই কলা তীৰ্থ নিশ্চিত ৰূপত ভৱিষ্যত দিনত নগাঁৱৰ এক গৌৰৱৰ কীৰ্তি হৈ থাকিব। নগাঁওত এনে এটি সুন্দৰ প্ৰকল্পৰ অনুমোদন দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমগ্ৰ নগাঁওবাসীৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।
নগাঁও চহৰৰ পানীগাঁও ছয়আলিত নিৰ্মীয়মান অৱস্থাত থকা “ভূপেন হাজৰিকা কলাৰ্তীথ” আজি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় নগাঁও বিধাসভাৰ বিধায়ক ৰূপক শৰ্মাই।
Share
Read more