হাৱাজান-শিমলুগুৰি সংযোগ বিচ্ছিন্ন কৰি উটুৱা নিলে গৰকাপ্তানী পকী পথ:
যোৱা ১২ ঘণ্টা ধৰি যাতায়ত ব্যাহত, অচলাৱস্থা জন-জীৱন:
ঢলপুৰ, ১৮ জুন : বৰুণ দেৱতাৰ কূপদৃষ্টিৰ ফলশ্ৰুতিত ঢলপুৰৰ বিভিন্ন স্থানত বানৰ তাণ্ডৱ। অলপ দিনৰ আগত সূৰ্য দেৱতা নতাপ আৰু পৱন দেৱতাৰ ৰেমাল ঘূর্ণীৰ জৰিয়তে শক্তি প্ৰদৰ্শন আৰু এতিয়া বৰুণ দেৱতাৰ পাল যেন সৰগৰ দেৱতা সকলৰ মাজত অ-ঘোষিত প্ৰতিযোগিতাহে। ৰুষ্টময় প্ৰকৃতিৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰ লগতে ঢলপুৰৰ বিভিন্ন অঞ্চলতো দেখা পোৱা গৈছে বৰুণ দেৱতাৰ ৰৌদ্ৰ মূৰ্তি। যোৱা ১২ ঘণ্টা ধৰি ধাৰাসাৰ বৃষ্টিপাতৰ ফলত প্লাবিত হৈছে বহুকেইখন গাঁও।
হাৱাজান-শিমলুগুৰি সংযোগ বিচ্ছিন্ন কৰি উটুৱা নিলে গৰকাপ্তানী পকী পথ। চেঁচা, দ্ৰোপাং, দিহিৰি আৰু পিছলা নদীৰ বাঢ়ি অহা পানীৰ ফলত প্লাৱিত হৈছে খলিহামাৰী, ৰূপতলী, নিদানচোৱা, বাঘৰগাঁও, গণকদলনী, উত্তৰকাঠনি, দা-ধৰা, শিমলুগুৰি, ৰঙতি, দিহিৰি, তাঁতীবহাৰ, কমলপুৰ, ৰাজগড়, পহুকটা, ৰামপুৰ, দ-গাঁও, ভিতৰদলনী, ফুটাভোগ, ৰঙাজান, চেচা, নাওঘুলি, ভাতমৌ, মাজৰদলনী আদিকে ধৰি প্ৰায় কুৰি খনৰো অধিক গাঁৱ।
এই বছৰৰ প্ৰথমটো আগতীয়া বানৰ সংহাৰে ব্যাহত কৰি ৰাখিছে সাধাৰণ জনতাৰ চহা জীৱন। বিদ্যুৎ আৰু যাতায়ত সেৱা ব্যাহত হোৱাৰ উপৰিও হাহাকাৰ হৈছে সাধাৰণ জন জীৱন। যোৱা ১২ ঘণ্টা ধৰি এনেকৈ আৰু কিমান দিন আগতীয়া বানৰ সৈতে সহৱস্থান কৰিব লাগিব তাক লৈ চিন্তিত হৈ পৰা দেখা গৈছে সৰ্বত্ৰে।