নগাওঁ জিলাৰ ৰহা সমষ্টিৰ বগলাজান আটিগাঁও আৰু দাঙৰী অঞ্চলৰ বানৰ তাণ্ডৱৰ অভাবগস্ত কিছু ভুক্তভুগি পৰিয়াললৈ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ডঃ অসীম কুমাৰ দাসৰ সহানুভূতি তথা বান সাহায্য প্ৰদান ৷
নগাওঁ জিলাৰ ৰহা সমষ্টিৰ বগলাজান, আটিগাঁও,দাঙৰি অঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগ বানৰ তাণ্ডৱৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈ আশ্ৰয়ৰ বাবে হাবাথুৰি খাই বিভিন্ন শিবিৰ পাতি বসবাস কৰি থকাৰ কথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যকৰ্তা সকলৰ পৰা খবৰ পাই চাৰিটাতকৈ অধিক শিবিৰ কাৰ্য্যকৰ্তা সকলৰ লগত পৰিদৰ্শন কৰি ভুক্তভুগি পৰিয়াল কেইটালৈ কিছু সহায় সহানুভূতি দেখুৱাৰ মানসেৰে সেই অঞ্চলত আজি উপস্থিত হয় অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক, ডঃ অসীম কুমাৰ দাস ৷ তেওঁ উপস্থিত হৈ ক্ষতিগস্ত প্ৰতিটো পৰিয়াললৈ কিছু আৰ্থিক সাহায্য আগবঢ়োৱা লগতে শিবিৰ পাতি থকা সকলৰ প্ৰায় ২০০ টাত কৈ অধিক পৰিয়ালত দাস দেৱে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে উক্ত শিবিৰসমূহৰ প্ৰতিটো পৰিয়াললৈ কিছু দৈনন্দিন প্ৰয়োজনীয় যাৱতীয় বস্তু দাইল, চিৰা, পানী বটলকে ধৰি প্ৰায় ১২বিধ সামগ্ৰী প্ৰদান কৰি পৰিয়ালকেইটাক কিছু সকাহ দিয়ে ।
নগাঁও পৰা প্ৰাঞ্জল নাথ