Friday, November 22, 2024

জুৰীয়াত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। কেইবা শতাধিক কংগ্ৰেছ – এ আই ইউ ডি এফ কৰ্মীৰ বিজেপিত যোগদান

Share

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়াৰ বিভিন্ন অঞ্চলত আজি সৰু -বৰ তেৰখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি লোকসভা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই বিজেপিৰ সপক্ষে ঢৌ অনাৰ চেষ্টা চলাই। জুৰীয়া মণ্ডলৰ অন্তৰ্গত আলিটাঙনী -জামুগুৰী অঞ্চলৰ পৰাই দিনজোৰা প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰি মাহগুৰী ,তেলিয়া বেবেজীয়াৰ বহু কেইটা নামঘৰ প্ৰাংগনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি ৰাইজৰ আশীষ গ্ৰহণ কৰে। ইয়াৰ পিছতে বিজেপিৰ প্ৰাৰ্থী গৰাকী গদাইমাৰী গাঁও ,এৰাবাৰী বজাৰ ঈদগাহ,কান্ধুলীমাৰী তিনিআলি ,মুকণ্ড আটি ,বালুচৰ বজাৰ,‌মানিক বজাৰ আৰু দুৱাৰমাৰী চৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি ৰাইজক বিজেপিৰ পক্ষত বিপুল হাৰত ভোটদান কৰিবলৈ আহ্বান জনায়। বিজেপিৰ প্ৰাৰ্থী জয়ী হলেহে ৰূপহীহাট সমষ্টিৰ অনগ্ৰসৰ অঞ্চল সমূহৰ উন্নয়ন সম্ভৱ বুলিও ভাষন প্ৰসংগত উল্লেখ কৰে । নগাঁও লোকসভাত বিজেপিক ভোট দিয়া মানেই নৰেন্দ্ৰ মোদীৰ শক্তি বৃদ্ধি হোৱা বুলি উল্লেখ কৰি সংখ্যালঘু অঞ্চল সমূহত ৰাইজ বিজেপিৰ পক্ষত ওলাই অহাত এইবাৰ বিজেপিৰ মিছন চাৰিশ প্লাছ কাৰ্যসূচী অনায়াসে সফল হব বুলি উল্লেখ কৰে । ইপিনে, সাংবাদিক আগত বিজেপি প্ৰাৰ্থী গৰাকীয়ে বিজেপি- অগপ যিদৰে এটা মূদ্ৰাৰ ইপিঠি সিপিঠি ,থিক সেইদৰে কংগ্ৰেছ এআই ইউ ডি এফো এটা মূদ্ৰাৰে ইপিঠি সিপিঠি। তেওঁলোকৰ মিতিৰালিৰ অনেক উদাহৰণ আছে বুলি উল্লেখ কৰি এইবাৰ লোকসভা সমষ্টিটোত বিজেপিৰ মূল যুঁজখন এ আই ইউ ডি এফ ৰ লগতহে হ’ব বুলিও উল্লেখ কৰে ।নিৰ্বাচনী সভা কেইখনত বিজেপিৰ সংখ্যালঘু নেত্ৰী তথা ৰূপহীহাট সমষ্টিৰ নিৰ্বাচনী আহ্বায়ক ছালমা জেছমিন, জুৰীয়া মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ শৰ্মাকে আদি কৰি জিলা পৰ্যায়ৰ বহু কেইগৰাকী নেতা কৰ্মীয়ে সংগ দিয়ে। আটাইকেইখন নিৰ্বাচনী সভাত কংগ্ৰেছ এ আই ইউ ডি এফৰ কেইবা শতাধিক কৰ্মীয়ে দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে।

Read more

Local News