জুৰীয়া শিক্ষা খণ্ডত শিক্ষণ শিকন সামগ্ৰীৰ বৃহৎ প্ৰদৰ্ষণী আৰু প্ৰতিযোগিতামুলক TLM মেলা!
ব্লক মিছন পৰ্যায়ৰ শিক্ষণ শিকন সামগ্ৰীৰ প্ৰদৰ্ষণী মেলাত ৫৬ খন শিক্ষানুষ্ঠানৰ অংশগ্ৰহণ!
আজি নগাঁও জিলাৰ জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত ২৮ খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিছে বৃহৎ TLM মেলাত।
ইয়াতে অংশগ্ৰহণ কৰা প্ৰত্যেক খন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ ফালৰ পৰা সমগ্ৰ শিক্ষা অভিযানৰ লগত সংগতি ৰাখি ভাষায়তনিক আৰু সংখ্যায়তনিক বিষয়ৰ ওপৰত বৃহৎ TLM মেলা অনুষ্ঠিত হয়।
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা TLM মেলা বন্তি প্ৰজ্বলন আৰু ফিতা কাটি শুভ উদ্বোধন কৰে জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মৰমী মাহাতু কুৰ্মীয়ে।
জুৰীয়া ব্লক মিছন সমণ্বয়কৰ অধীনস্থ আবুল কালাম,চাহাবুদ্দিন আহমেদ,সূৰ্য বৰা,আমিনুৰ ৰহমান,আবু শ্বৰিফকে আদি কৰি ২৭ গৰাকী মণ্ডল সমল ব্যক্তিৰ লগতে শতাধিক প্ৰতিযোগী শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।
জুৰীয়া ফুৰকানীয়া স্কুলত অনুষ্ঠিত হোৱা বৃহৎ শিক্ষণ সজুঁলি প্ৰদৰ্ষণী মেলাত বিচাৰক হিচাপে উপস্থিত থাকে শিক্ষাবিদ আনোৱাৰ হোছেইন,গৌতম মেধি আৰু পিংকি কুমাৰী।
তাফাজুল ইছলাম /জুৰীয়া