কঠালগুটি গাৱৰ এটি পুখুৰীত এজনী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। মৃত বোৱাৰীজনী এলিছা বেগমৰ বয়স ২২ বছৰ। স্থানীয় ৰাইজৰ জনা মতে, এলিছা বেগম মৃৰ্গী ৰোগত আক্ৰান্ত আছিল, যি এই অঘটনৰ মূল কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰিছে।
ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে। এলিছা বেগমৰ মৃত্যুৰ প্রকৃত কারণ নিৰ্ধাৰণৰ বাবে মৰণোত্তর পৰীক্ষাৰ ফলাফল আৰু আৰক্ষীৰ তদন্তৰ অপেক্ষা কৰা হৈছে।
এলিছা বেগমৰ মৃত্যুক লৈ অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত বিবিধ ধাৰণা সৃষ্টি হৈছে। কিছুমানে ইয়াক মৃৰ্গী ৰোগৰ ফলত হোৱা দুৰ্ঘটনা বুলি বিশ্বাস কৰে, আনহাতে আন কিছুমানে পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ কৰিছে।
আৰক্ষীয়ে বিষয়টোত গুৰুত্ব সহকারে তদন্ত অব্যাহত ৰাখিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তথ্যসমূহ পোহৰলৈ আহিব। এলিছা বেগমৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে এই ঘটনাৰ পূৰ্ণ নিৰপেক্ষ তদন্তৰ বাবে আৰক্ষীৰ সহায় আশা কৰিছে।