বুধবাৰে নগাঁৱৰ আগশাৰীৰ বিউটি চ্যেলুন এথেনিয়ানত অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ বিষয় National skill Qualification frame work ৰ Under ত জামগুৰি কে এন গালৰ্ছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ৩৪ গৰাকী ছাত্ৰীক ব্যৱহাৰিক দিশত কিদৰে সৌন্দৰ্য্যচৰ্চাৰ দিশটোত আগুৱাই যাব পাৰিব লগতে এই বিষয়টোৰ দ্বাৰা অনাগত দিনত কেনেদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব সেই সম্পৰ্কত এখনি আলোচনাচক্ৰত মিলিত হয় ছাত্ৰী সকল।বৃত্তিমূলক শিক্ষয়িত্ৰী আফচাৰিন চুলতানাই জানিবলৈ দিয়া মতে নৱম আৰু দশম শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে লাভ কৰা এই চাৰ্টিফিকেট খনৰ যোগেদি নিজাকৈ প্ৰতিষ্ঠিত হ’ব পাৰিব আৰু নিবনুৱা সমস্যাৰ ও দূৰ হ’ব। উক্ত চেমিনাৰ খনত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° অমিয়া পাটৰ উপস্থিত থকাৰ লগতে ছাত্ৰীসকলক উৎসাহিত কৰে ।আজি অনুষ্ঠিত হৈ যোৱা “হেণ্ডছ অন স্কীল ট্ৰেইনিং ” শীৰ্ষক চেমিনাৰ খনত বিদ্যালয়খনিৰ প্ৰধান শিক্ষয়িত্ৰী জুবেদা জাহানৰ লগতে এথেনিয়ানৰ কৰ্মকৰ্তা সকলে পূৰ্ণ সহযোগ আগবঢ়ায়।
জামগুৰি কে এন গালৰ্ছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী সকলৰ উদ্যোগত “হেণ্ডছ অন স্কীল ট্ৰেইনিং” ( বিউটি এণ্ড ৱেলনেছ শীৰ্ষক) চেমিনাৰ সম্পন্ন:
Share
Read more