Friday, November 22, 2024

জাগীৰোডত টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড গোষ্ঠীয়ে ২৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ছেমিকণ্ডাক্টৰ ইউনিটৰ মুকলি অনুষ্ঠান

Share

অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে আজি এক স্মৰণীয় দিন হিচাপে চিহ্নিত হৈ ৰ’ব আজিৰ দিনটো । অসমত প্রথমবাৰৰ বাবে আৰম্ভ হ’বলগীয়া বৃহৎ উদ্যোগ টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ ইউনিটৰ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেকৰণৰ লগতে জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ভূমিপূজন হৈ যায়।

জাগীৰোডত টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড গোষ্ঠীয়ে ২৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ছেমিকণ্ডাক্টৰ ইউনিটৰ মুকলি অনুষ্ঠানত উপস্থিত বহু কেইজন মন্ত্ৰী বিধায়ক ।

টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ ইউনিটৰ ভূমি পূজন অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ পায় নিজকে পৰম সৌভাগ্যবান অনুভৱ কৰিছে বিভিন্ন স্তৰৰ লোকে । এই প্ৰকল্পৰ জৰিয়তে ২৫ হাজাৰৰো অধিক নিয়োগৰ ব্যৱস্থা মুকলি হ’ব। অসমত টাটা গ্ৰুপৰ বৃহৎ উদ্যোগ স্থাপনৰ সুবিধা প্ৰদান কৰাৰ বাবে পোনপ্ৰথমে
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে টাটা গ্রুপকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰলস প্ৰচেষ্টাৰ বাবেই আজি অসমত টাটা গ্ৰুপৰ বৃহৎ উদ্যোগ স্থাপন হোৱাটো সম্ভৱ হৈ উঠিছে। এই সুযোগতে সমগ্ৰ ৰাজ্য বাসীৰ হৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

আজি ভূমি পূজন অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব, অসম চৰকাৰ আৰু টাটা গ্ৰুপৰ বিষয়াসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Read more

Local News