দক্ষিণ কোৰিয়াৰ জাহাজ নিৰ্মাতা কোম্পানী ছেমছাং হেভি ইণ্ডাষ্ট্ৰীজে সোমবাৰে ঘোষণা কৰে যে তেওঁলোকে মধ্যপ্ৰাচ্যৰ এজন ক্লায়েণ্টৰ বাবে চাৰিখন এল এন জি(LNG) কেৰিয়াৰ নিৰ্মাণৰ বাবে ১.৪ ট্ৰিলিয়ন ৱন (১ বিলিয়ন ডলাৰ)ৰ চুক্তি লাভ কৰিছে। কোম্পানীটোৰ ৰেগুলেটৰী ফাইলিঙৰ মতে ২০২৮ চনৰ ভিতৰত এই জাহাজসমূহ ডেলিভাৰী কৰাৰ সম্ভাৱনা আছে।
যোনহাপ সংবাদ সংস্থাৰ মতে, জাহাজ নিৰ্মাতা কোম্পানীটোৱে ২২খন জাহাজ নিৰ্মাণৰ বাবে মুঠ ৪.৯ বিলিয়ন ডলাৰৰ অৰ্ডাৰ লাভ কৰিছে, যিটো ২০২৪ চনৰ বাবে ৯.৭ বিলিয়ন ডলাৰৰ লক্ষ্যৰ ৫১ শতাংশ।
জাহাজসমূহত ১৯খন এল এন জি কেৰিয়াৰ, দুখন অতি বৃহৎ এমোনিয়া কেৰিয়াৰ আৰু এখন শ্বাটল টেংকাৰ আছে।
ছেমছাং হেভি ইণ্ডাষ্ট্ৰীজ হৈছে দক্ষিণ কোৰিয়াৰ অগ্ৰণী পৰিয়ালৰ মালিকানাধীন সংঘ চেমচাং গ্ৰুপৰ জাহাজ নিৰ্মাণ বিভাগ, ইয়াৰ ফ্লেগশ্বিপ কোম্পানী হৈছে চেমচাং ইলেক্ট্ৰনিক্স (কে এছ:০০৫৯৩০)।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।