ছিংগাপুৰ এয়াৰলাইন্সৰ তথ্য অনুসৰি লণ্ডনৰ পৰা ছিংগাপুৰলৈ যোৱা বিমানত ভয়াৱহ অস্থিৰতাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক লোক আহত হৈছে।
বিমান সংস্থাটোৰ ফেচবুক পোষ্ট অনুসৰি সোমবাৰে লণ্ডনৰ পৰা যাত্ৰা আৰম্ভ কৰা বয়িং ৭৭৭-৩০০ইআৰ বিমানখনে উৰণৰ সময়ত তীব্ৰ অশান্তিৰ সন্মুখীন হয়। ফলত বেংককলৈ ডাইভাৰ্ট কৰিবলগীয়া হয় আৰু মঙলবাৰে তাত অৱতৰণ কৰে।
বিমানখনত ২১১ জন যাত্ৰী আৰু ১৮ জন ক্ৰু সদস্যকে ধৰি মুঠ ২২৯ জন ব্যক্তি আছিল। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে বিমান সংস্থাটোৱে।
বিমান সংস্থাটোৱে কয় যে তেওঁলোকে থাইলেণ্ডৰ স্থানীয় কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি চিকিৎসা সাহায্য আগবঢ়াইছে, বেংককলৈও এটা দল প্ৰেৰণ কৰা হৈছে।
বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।