Thursday, November 21, 2024

চাণক্য আই এ এছ একাডেমীয়ে UPSC 2023 ৰ টপাৰৰ দ্বাৰা UPSC /APSC আকাংক্ষীসকলৰ বাবে বিনামূলীয়া কৰ্মশালাৰ ঘোষণা।

Share

গুৱাহাটীঃ Chanakya IAS academy গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব ' HOW TO PREPARE FOR UPSC/APSC' শীৰ্ষক বিনামূলীয়া কৰ্মশালা এই ইন্টাৰেক্টিভ কৰ্মশালাখন পৰিচালনা কৰিব চলিত বৰ্ষৰ UPSC TOPPER MAJOR ABINANDN, যিয়ে CHANAKYA IAS ACADEMY ৰ পৰা UPSC 2023 সফলতাৰে ক্লিয়াৰ কৰিছে!

মেজৰ অভিনন্দনে ইউ পি এছ চি আৰু এ পি এছ চি পৰীক্ষাৰ প্ৰতিজন আকাংক্ষীৰ প্ৰশ্ন আৰু উদ্বেগক সম্বোধন কৰিব আৰু আকাংক্ষীসকলক এই বাধাসমূহ অতিক্ৰম কৰাৰ উপায় আৰু পদ্ধতি প্ৰদান কৰিব। ইউ পি এছ চি ২০২৩ত তেওঁৰ সফলতাৰ যাত্ৰাও শ্বেয়াৰ কৰিব।

কেন্দ্ৰৰ পৰিচালক, কৌৰাংগা নয়নী চেতিয়াই এই উপলক্ষে কয়, “ আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে মেজৰ অভিনন্দনক ধন্যবাদ জনাইছো, তেওঁৰ উপস্থিতিয়ে সঁচাকৈয়ে আগন্তুক দিনত এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষা প্ৰস্তুত কৰা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰিবলৈ গৈ আছে”।

অহা ১১ মে' ২০২৪ তাৰিখে পুৱা ১১ বজাত গুৱাহাটী কেন্দ্ৰৰ চাণক্য আই এ এছ একাডেমীত অনুষ্ঠিত হ'ব এই অধিবেশন ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে ৮৮১১০৯২৪৮১ নম্বৰত ফোন কৰি বিনামূলীয়াকৈ আসন বুকিং কৰিব পাৰিব।

Read more

Local News