কালিলৈ অৰ্থাৎ ৪ জুনৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব লগা লোকসভা নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত প্ৰাৰ্থী , প্ৰাৰ্থীৰ নির্বাচনী এজেণ্ট, ভোট গণনাৰ পৰ্যবেক্ষক আৰু সাংবাদিক সকলৰ সৈতে জিলা নিৰ্বাচন বিষয়া তথা নগাঁও লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ , ভাঃপ্ৰঃসেঃ মহোদয়ৰ সভাপতিত্বত আজি এখন সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত ভোট গণনাৰ সময়ত প্ৰাৰ্থী, প্ৰাৰ্থীৰ নির্বাচনী এজেণ্ট আৰু সাংবাদিক সকলে মানি চলিবলগীয়া নীতি-নিয়মসমূহৰ সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয়।
জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত অনুষ্ঠিত উল্লেখিত সভাত ভোটগণনাৰ পৰ্যবেক্ষকসকল, জিলা উন্নয়ন, মুখ্য কাৰ্যবাহী বিষয়া ,নগাঁও জিলা পৰিষদ , জিলা আৰক্ষী অধীক্ষক, নিৰ্বাচনী বিষয়া , সহকাৰী ৰিটাৰ্ণিং বিষয়া সকল, সাংবাদিক সকল আৰু প্ৰাৰ্থী সকলৰ নিৰ্বাচনী এজেন্ট সকল উপস্থিত থাকে ।