কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত তৃতীয়বাৰৰ বাবে খোজ দিলে মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই ৷ দুশ বছৰীয়া পুৰণি ফুলৰ চানেকিৰে প্ৰস্তুত কৰা মুগাৰ সাঁজ পিন্ধি খোজ দিলে ৰেড কাৰ্পেটত ৷ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ পায় তাই গৌৰৱাণ্বিত হোৱা বুলি প্ৰকাশ আইমী বৰুৱাৰ৷ দুশ বছৰীয়া পুৰণি ফুলৰ চানেকিৰে প্ৰস্তুত কৰা মুগাৰ সাঁজ পিন্ধি, হাতত গামখাৰু, অসমীয়া গামোচা, খোপাত কপৌফুল গুজি ফ্ৰান্সত অনুষ্ঠিত হৈ থকা Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিলে মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।
ৰেড কাৰ্পেটত খোজ দিয়াৰ অনুভৱ ব্যক্ত কৰি অভিনেত্ৰীগৰীয়ে কয় যে, তৃতীয় বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিওঁতে এইবেলিও নিজৰ পৰিচয়-স্বাভিমান লৈ সগৌৰৱেৰে এগৰাকী অসমীয়া হিচাপে খোজ দিলোঁ। তেওঁ আৰু নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে, দুশ বছৰীয়া পুৰণি ফুল নতুনকৈ মুগাৰ সাঁজত তুলি, হাতত গামখাৰু, অসমীয়া গামোছা, ৰিহা আৰু খোপাত কপৌফুলেৰে Cannes Film Festivalৰ ঐতিহ্যৰে ভৰা ৰেম্পত আমাৰ ঐতিহ্য-গৌৰৱক সাবটি, অসমবাসীৰ আশিস শিৰত লৈ খোজ থৈ নথৈ আপ্লুত হোৱা বুলি প্ৰকাশ কৰে ৷