কলিয়াবৰৰ হাতীমূৰা মাথাউৰি ভঙাৰ ফলত কলঙেদি অহা বাঢ়নী পানীয়ে ৰাইজক আতংকিত কৰাৰ লগতে দুখ দুৰ্দশাই আগুৰি ধৰিছে। এই সময়ত কলিয়াবৰীয়া হিচাপে আমি ৰাজনীতিৰ উৰ্ধত থাকি দূৰ্গত ৰাইজক সহায় সহযোগ কৰাৰ সময়। লগতে চৰকাৰে কলং বোৱতী কৰাৰ পৰিকল্পনাৰ সিদ্ধান্ত বিবেচনা কৰি কলংৰ পৰা সুৰক্ষা প্ৰদানৰ চিন্তাকহে কাৰ্যকৰী কৰা উচিত হ’ব বুলি বিবেচনা কৰে অগপ নেতা মনি মাধৱ মহন্তই।
বানপীড়িত ৰাইজক তৎকালীন ভাবে সাহায্য সামগ্ৰী প্ৰদানত কলিয়াবৰ মহকুমা প্ৰশাসনে অধিক খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই। আজি কেইবাটাও অঞ্চলত যুৱ পৰিষদৰ কৰ্মকতাসকলৰ লগত গৈ এছ ডি আৰ এফ জোৱানৰ লগত উদ্ধাৰ কাৰ্যত অংশগ্ৰহন কৰাৰ লগতে বানাক্রান্ত ৰাইজৰ খবৰ লয় নেতা গৰাকী ।