Tuesday, December 3, 2024

কলকাতা আৰ জে কৰ হস্পিতালৰ যুৱতী চিকিৎসক মমিতা দেবনাথৰ মৃত্যুৰ ন্যায় বিচাৰি ধিঙত এদল মহিলাৰ প্ৰতিবাদ।

Share

কলিকতা আৰ, জে, কৰ হস্পিতালৰ চিকিৎসক মমিতা দেবনাথক যি অমানৱীয়ভাৱে নিৰ্যাতন চলাই ২০জনীয়া এটা দলে নিশা যৌন নিৰ্যাতন কৰি হত্যা কৰিছিলে। আৰু সমগ্র দেশৰ চিকিৎসকে মমিতা দেবনাথৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আনকি দুদিনৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱাৰ লগতে সাধাৰণ চিকিৎসা সেৱা স্তব্ধ কৰিছিল আৰু নিজ নিজ কৰ্তব্য বাতিল কৰি ৰাজপথলৈ শ শ চিকিৎসা কৰ্মীয়ে প্ৰতিবাদ কৰিছিলে। আৰু আজি নিশা নগাঁও জিলাৰ ধিঙৰ ৰাজপথত এদল মহিলা হাতঁত মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মমিতা দেবনাথৰ হত্যাৰ ন্যায় লাগে বুলি ধিঙৰ আকাশ বতাহ কপাই তুলে। অকল যে চিকিৎসকে প্ৰতিবাদ কৰিছে তেনে নহয়, মহিলাসকলৰ নিজৰ নিজৰ সুৰক্ষাৰ স্বাৰ্থত আজি ধিঙৰ ৰাজপথত এনেদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে।

নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপোৰ্ট

Read more

Local News