গুৱাহাটী, ১৫ নৱেম্বৰ
উৎসৱৰ বতৰৰ আগমনীত নভোটেল গুৱাহাটীত গ্ৰেণ্ড কেক মিক্সিং অনুষ্ঠানৰ আয়োজন
বছৰজোৰা প্ৰতীক্ষাৰ অন্তত ক্ৰমাৎ ৰাঙলী হৈছে সময়। বতাহত বিয়পি পৰা উৎসৱ আৰু বন্ধৰ বতৰৰ মনোমোহা সুবাসে সকলোৰে মন উগুল-থুগুল কৰি তোলাৰ লগতে খ্ৰীষ্টমাছৰ দিন ওচৰ চাপি অহাৰ আনন্দত নভোটেল গুৱাহাটীয়ে ১৫ নৱেম্বৰ, ২০২৪ তাৰিখে বহু প্ৰতীক্ষিত আৰু ৰোমাঞ্চকৰ “কেক মিক্সিং অনুষ্ঠান”ৰ আয়োজন কৰে।
কাজু বাদাম, আলমণ্ড, চেৰী, পিষ্টাচিয়া, বেৰী, মোৰাব্বা, ক’লা কিচমিচ, কিচমিচ, আখৰোট, প্ৰুন আৰু শুকান কমলাৰ বাকলিকে ধৰি বিভিন্ন শুকান ফল; ৰেড ৱাইন, পোৰ্ট ৱাইন, ৰাম, ব্ৰেণ্ডি আৰু বিয়েৰসহ বিভিন্ন স্পিৰিট আৰু ৱাইনৰ লগতে ডালচেনি, ইলাচী আৰু লংসহ বিভিন্ন প্ৰকাৰৰ মচলাৰ সমান্তৰালকৈ সুমিষ্ট সোৱাদৰ পয়োভৰ ঘটাই যথেষ্ট পৰিমাণে স্থানীয় মৌ আৰু কমলাৰ ৰস এই বিশেষ সমাৰোহত ব্যৱহাৰ কৰা হয়।
“বন্ধৰ বতৰৰ আৰম্ভণি উপলক্ষে নভোটেল গুৱাহাটীত আন এটি সফল কেক মিক্সিং সমাৰোহৰ আয়োজন কৰি আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। এই উৎসৱৰ বতৰত আমি আমাৰ অতিথিসকলৰ বাবে কিছু বিশিষ্ট আনন্দময় ক্ষণ তথা স্থায়ী স্মৃতি সৃষ্টি কৰাৰ বাবে যথেষ্ট আগ্ৰহী হৈ আছো,” নভোটল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমিত সিঙে কয়।
জিএছ ৰোডস্থিত নভোটেল গুৱাহাটী হৈছে ভাৰতৰ উত্তৰ-পুৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে খ্যাত গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এখন বিলাসী হোটেল। ইয়াৰ কেন্দ্ৰীয় অৱস্থান, আধুনিক সুবিধা আৰু ব্যতিক্ৰমী সেৱাৰ প্ৰতি থকা উৎসৰ্গাৰ সৈতে, নভোটল গুৱাহাটীয়ে অতিথিসকলক এক আৰামদায়ক আৰু বিলাসী থকা-মেলাৰ অভিজ্ঞতা প্ৰদান কৰে। বহনক্ষমতাৰ প্ৰতি সমৰ্পিত হোটেলখনে অতিথিসকলক সৰ্বাংগীন সন্তুষ্টিদায়ক আতিথ্য প্ৰদান কৰাৰ সমান্তৰালকৈ ইয়াৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰিবলৈ বিভিন্ন পৰিৱেশ-অনুকূল অনুশীলনতো সক্ৰিয়ভাৱে জড়িত হোৱা দেখা যায়।