ইটালীৰ লাখ লাখ শ্ৰমিকে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ ২০২৫ চনৰ বাজেট, বৃদ্ধি পোৱা জীৱন ব্যয় আৰু কম মজুৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আঠ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ইটালীৰ দুটা মূল ট্ৰেড ইউনিয়ন ইটালীৰ জেনেৰেল কনফেডাৰেচন অৱ লেবাৰ (চিজিআইএল) আৰু ইটালীৰ লেবাৰ ইউনিয়ন (ইউআইএল)ৰ উদ্যোগত অনুষ্ঠিত এই ধৰ্মঘটত চলিত মাহৰ আৰম্ভণিতে পৃথক প্ৰতিবাদ সাব্যস্ত কৰা ৰে’লৰ কৰ্মচাৰীসকলক বাদ দি বিভিন্ন খণ্ডৰ শ্ৰমিকসকলে অংশগ্ৰহণ কৰে বাতৰি সংস্থাই প্ৰকাশ কৰিছে।
পৰিবহণ মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই স্থানীয় পৰিবহণ, ফেৰী, আৰু বিমানপথ খণ্ডৰ শ্ৰমিকসকলে পৰিকল্পিত আঠ ঘণ্টাৰ পৰিৱৰ্তে চাৰি ঘণ্টাত ৰখাৰ সময় সীমিত কৰি ৰাখিছিল, যাতে ব্যাঘাত নূন্যতম হয়।
ইয়াৰ পিছতো ধৰ্মঘটত যথেষ্ট অংশগ্ৰহণ দেখা গৈছিল, আয়োজকসকলে ক্ষতিগ্ৰস্ত খণ্ডৰ প্ৰায় ৭০ শতাংশ শ্ৰমিকে এই কাৰ্যসূচীত যোগদান কৰা বুলি জনাইছে। ইটালীৰ ফ্লেগশ্বিপ বিমান সংস্থা আইটিএই ১৮টা আন্তঃৰাষ্ট্ৰীয় পথকে ধৰি ১০৯খন বিমান বাতিল কৰিবলগীয়া হৈছিল।
ইটালীৰ লাখ লাখ শ্ৰমিকে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ ২০২৫ চনৰ বাজেট, বৃদ্ধি পোৱা জীৱন ব্যয় আৰু কম মজুৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আঠ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ইটালীৰ দুটা মূল ট্ৰেড ইউনিয়ন ইটালীৰ জেনেৰেল কনফেডাৰেচন অৱ লেবাৰ (চিজিআইএল) আৰু ইটালীৰ লেবাৰ ইউনিয়ন (ইউআইএল)ৰ উদ্যোগত অনুষ্ঠিত এই ধৰ্মঘটত চলিত মাহৰ আৰম্ভণিতে পৃথক প্ৰতিবাদ সাব্যস্ত কৰা ৰে’লৰ কৰ্মচাৰীসকলক বাদ দি বিভিন্ন খণ্ডৰ শ্ৰমিকসকলে অংশগ্ৰহণ কৰে বাতৰি সংস্থাই প্ৰকাশ কৰিছে।
পৰিবহণ মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই স্থানীয় পৰিবহণ, ফেৰী, আৰু বিমানপথ খণ্ডৰ শ্ৰমিকসকলে পৰিকল্পিত আঠ ঘণ্টাৰ পৰিৱৰ্তে চাৰি ঘণ্টাত ৰখাৰ সময় সীমিত কৰি ৰাখিছিল, যাতে ব্যাঘাত নূন্যতম হয়।
চিজিআইএলৰ মতে, ৰোম, মিলান, টুৰিন, ব’ল’গনা, নেপলছকে ধৰি কমেও ৪৩খন চহৰত গণ বিক্ষোভ আৰু সমাৱেশ অনুষ্ঠিত হয় আৰু আনুমানিক ৫ লাখ লোকে অংশগ্ৰহণ কৰে।
২০২৫ চনৰ বাবে মেল’নিৰ খচৰা বাজেট আইনক লৈ অসন্তুষ্টিৰ বাবেই এই ধৰ্মঘটৰ সূচনা হয়।বাজেটৰ লক্ষ্য হৈছে ইটালীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ উচ্চ ৰাজহুৱা ঋণৰ সৈতে মোকাবিলা কৰা, ২০২৬ চনৰ ভিতৰত দেশখনৰ ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) ২.৮ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি।
কিন্তু এই বিত্তীয় একত্ৰীকৰণে আয়-সহায়ক ব্যৱস্থা, কৰ কৰ্তন, আৰু অন্যান্য সম্প্ৰসাৰণ নীতিৰ বাবে চৰকাৰৰ ক্ষমতা সীমিত কৰি পেলাইছে, যাৰ ফলত শ্ৰমিকসকলৰ মাজত হতাশাৰ ইন্ধন যোগাইছে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ।