২০ এপ্ৰিলঃ নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এক সুকীয়া শৈক্ষিক বাতাবৰণ সৃষ্টিৰে ২০০৫ চনত সংখ্যালঘূ অধ্যুষিত অঞ্চলত স্থাপিত হোৱা অসমীয়া মাধ্যমৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ শৈক্ষিক বিপ্লৱৰ সুচনা কৰিবলৈ সক্ষম হৈছে । এইবাৰ চূড়ান্ত পৰীক্ষাত ৫৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৯ টা ডিষ্টিংচন, ৩৫ টা ষ্টাৰ প্ৰাপ্তিৰে আটাইকেইজন শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । উল্লেখ্য যে, মুঠ ২০৩ টা বিষয়ত লেটাৰ নম্বৰেৰে সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিছে বুলি বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে আমাক জানিবলৈ দিয়ে ।
Share
Read more