আজি নগাঁও লায়ন্স ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ওম চছিয়েল ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা । প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। আজি ৩৫ গৰাকী আদৰ্শ নাৰীক সম্বৰ্দ্ধনা জনোৱা হয় । বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্যাপনৰ মুখ্য বিষয়।