জিলাখনৰ আইন মহাবিদ্যালয় দলংৰ (ফৌজদাৰীপট্টিৰ) সমীপত ১ বিঘা – ১ কঠা – ১০ লেচা ভূমিত নিৰ্মাণ কৰা “অসম নগৰ পানী যোগান আৰু নৰ্দমা ব’ৰ্ড” ৰ অন্তৰ্গত “2.0 MLD ক্ষমতাৰ অসমৰ প্রথমটো পয় প্ৰণালী পৰিশোধন প্ৰকল্প” আজি ইং ২৫ আগষ্ট ২০২৪ তাৰিখে, অসম চৰকাৰৰ গৃহ , নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মাননীয় মন্ত্ৰী শ্রী অশোক সিংঘাল ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।
“অসম নগৰ পানী যোগান আৰু নৰ্দমা ব’ৰ্ড” ৰ অন্তৰ্গত ” পয় প্ৰণালী পৰিশোধন প্ৰকল্প”টো হৈছে- ২.০ নিম্নতম তৰল নিৰ্গমন (চমুকৈ- এম.এল.ডি.) ক্ষমতাসম্পন্ন যৌগিক নলা পৰিশোধন প্ৰকল্প যাৰ জৰিয়তে নগাঁও চহৰ অঞ্চলৰ নলা-নৰ্দমাৰ পানী সংগ্ৰহ কৰি পৰিশোধিত পানী পাইপৰ জৰিয়তে কলং নদীলৈ প্ৰবাহিত কৰা।
উল্লেখিত উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নগাঁও আবৰ্ত ভৱনৰ সমীপত থকা SHG হাটৰ মুকলি মঞ্চত এখনি মুকলি সভা অনুষ্ঠিত হয় ।
উক্ত উদ্বোধনী অনুষ্ঠানত নগাঁও -বটদ্ৰবা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰূপক শৰ্মা, আয়ুক্ত সচিব, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শ্ৰীমতী কবিতা পদ্মনাভন, ভাঃপ্ৰঃসেঃ, অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ অধ্যক্ষ শ্ৰী কুশল দুৱৰী, জিলাৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি শ্ৰী সীমান্ত বৰা, অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ পৰিচালন সঞ্চালক ড°প্ৰণতি গগৈ, নগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ শ্রী ধ্ৰুৱজ্যোতি শৰ্মা প্ৰমুখ্যে পৌৰ আয়ুক্তসকল, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, নগাঁও পৌৰসভাৰ বিষয়া- কৰ্মচাৰীসকলৰ লগতে স্থানীয় জনসাধাৰণ উপস্থিত থাকে ।